জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা

(পুলক জ্যোতি শৰ্মা)

জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা

জিলিৰ কাণ কণকণাই যোৱা মাত

এতিয়া যেন মাথো সোঁৱৰণি হ’ল

কোঢ়াল বাঢ়ি আহিছে

গছবোৰ পিছুৱাই গৈছে

নিমাত-নিতাল দুপৰীয়াবোৰ এতিয়া কোলাহলমুখৰ

ৰাতিৰ নিৰ্জনতা সংকুচিত


জিলিয়ে নিৰ্জনতাহে ভাল পায়

নিজানত মাতি সি নিৰ্জনতাক গভীৰ কৰে

কৰবাৰ দুই-এজোপা গছত

দুই-এটা জিলিয়ে হয়তোবা এতিয়াও মাতে

পিচে সেই মাত শুনেনো কোনে

এতিয়াযে দৃষ্টি নিবদ্ধ স্ক্ৰীণত

শ্ৰৱন নিবদ্ধ হেডফোনত

সপোন নিবদ্ধ উন্নতিৰ সোপানত—

জিলিৰ মৃত্যুৰ বিনিময়ত


জিলিয়ে নিৰ্জনতাহে ভাল পায়

নিজানত মাতি সি নিৰ্জনতাক গভীৰ কৰে

জিলিয়ে বাৰু এতিয়া নিৰ্জনতা ক’ত বিচাৰি পাব


(সুগায়ক বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ কবি-গীতিকাৰ নৱকান্ত বৰুৱাৰ ‘জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা’ গীতটি মনলৈ অহাত ৷) ********